#veg
#pavbhaji

পাওভাজি-


পোনপ্ৰথমে বিলাহীৰ বাদে সকলো পাচলিখিনি সৰুকৈ কাটি প্ৰেচাৰ কুকাৰত সিজাই লব।পাচলিখিনি সিজিলে পাচলি গুৰা কৰা খনেৰে ভালকৈ হেচি গুৰি কৰি লৈ এখন কেৰাহী ত বাটাৰ (তেল ব্যৱহাৰ কৰিব পাৰিব)গৰম কৰি তাতে প্ৰথমে কূটি ৰখা পিয়াজ সোণালী হোৱাকৈ ভাজি এতিয়া আদা নহৰু বতাখিনি  দি জলকীয়া কেইটা দি অলপ ভাজি বিলাহীটো মিহিকৈ কাটি দি দিব। বিলাহী সিজিলে তাতে আগতে সিজাই লোৱা পাচলিখিনি দি দিব। তাৰপিছত হালধী নিমখ পাওভাজি মছলা , ৰঙা জলকীয়া গুৰি আৰু অলপ চেনি দি ভালকৈ লৰাই থাকিব। এতিয়া অলপ সৰহ কৈ মাখন বা বাটাৰ মিশ্ৰণ খিনি ত মিহলাই দি মাজে মাজে লৰাই থাকিব যাতে কেৰাহীত ভাজি খিনি লাগি নধৰে। পৰিমাণ অনুসৰি ঘণ হোৱাৰ পিছত ভাজিখিনি নমাই লৈ ধনীয়া দি দিব।আনহাতে এখন টাৱা গৰম কৰি তাত বাটাৰ অলপ পাও কেইটা দুফাল কৰি অকণ বাটাৰৰ সৈতে টাৱাত ভালকৈ সেকি ভাজিখিনি আৰু মিহি কৈ কটা পিয়াঁজৰ সৈতে গৰমে গৰমে পৰিৱেশন কৰিব।


Oldest